প্ৰথমতো তুমি, শেষতো তুমি... তাৰ পিছত মাথোঁ নিস্তব্ধতা :- Garrima Saikia Garg

যাক যুগ যুগান্তৰলৈ লগত বিচাৰিছিলোঁ, সি হেৰাই গ'ল। "তোমাতেই বিলীন" — প্ৰেম, স্মৃতি আৰু শোকৰ এক হৃদয়বিদাৰক অসমীয়া কবিতা। ❤️

তোমাতেই বিলীন: এটা অপূৰ্ণ প্ৰেমৰ কাহিনী

প্ৰথমতো তুমি শেষতো তুমি Assamese love poem by Zubeen Garg style romantic couple image
তোমাতেই বিলীন.
লেখনী: Garrima Saikia Garg

প্ৰথমতো তুমি
শেষতো তুমি
তুমি.. তুমি ..তুমি
তোমাতেই বিলীন
এই জীৱন কাহিনী ।।

কথা আছিল, যুগ যুগান্তৰলৈ একেসুৰে গাই যাম
ইউকেলিপটাছ আশাৰ মালিতা..
আৰু সময়বোৰত আঁকি ল'ম
হেজাৰ যুগৰ কথকতা

ক'ত হেৰাল শব্দ
ক'ত হেৰাল আখৰবোৰ..
অনুভৱৰ পোহৰো মোহাৰি গচকি
সময়ে বুলালেহি এন্ধাৰ নিথৰ

এটা মাথোঁ মুহূৰ্ত..
অভাৱনীয় ,,
সপোনৰ সাজঘৰত কালৰাত্ৰিৰ নিৰ্মম প্ৰহাৰ ।।

উত্তপ্ত লাভাৰ দৰে হেঁচি থোৱা বিষ এটাই
বুকুখনত বাৰে বাৰে
খুন্দিয়াই যায় ।

এটা বুজাব নোৱাৰা শিলৰ দৰে শোক..
ইমান ৰুঢ় বাস্তৱ মই কেতিয়াও চুই পোৱা নাছিলোঁ !
নিজক চিনি নোপোৱাৰ সমান কষ্ট চাগে নাই এই পৃথিৱীত

এতিয়া একো নুবুজো,
নাজানো মই..
উশাহ হেৰোৱা জীৱনৰ
আধাৰ জানো কিবা
বাকী ৰয় ?

✍️ গৰীমা শইকীয়া গাৰ্গ
❝ Love is the rhythm of life, and music makes it eternal ❞ - Zubeen Garg
❤️ ASSAM LYRICS • Feel The Soul Of Assam

Post a Comment