কি ছুমান লোকে চুতীয়া সকলৰ বৰ্তমানৰ নীতি-নিয়ম চাই ক'ব বিচাৰে যে চুতীয়া সকলে নিজৰ সকলো ধৰ্মীয় ৰীতি-নীতি হেৰোৱাই পেলালে। কাৰণ সুধিলে ক'ব বিচাৰে যে আজিৰ দিনত চুতীয়া সকলে চাৰি শাল গোসানীক চিনি নাপাই। গতিকে সকলো নীতি-নিয়ম এৰিলে।
কিন্তু কথাটো ইমান সহজ নহয়। চুতীয়া ধৰ্ম বুলি ক'লে অকল চাৰি শালতে সামৰি থোৱাটো একেবাৰেই ভূল। পৌৰাণিক কালত চুতীয়া সমাজৰ দুই তিনি বিধৰ দেৱী-দেৱতা আছিল। এভাগ হৈছে শদিয়া কেন্দ্ৰত থকা মুখ্য দেৱ-দেৱী, অৰ্থাৎ চাৰি শাল। দ্বিতীয় হৈছে গাঁৱৰ দেৱী-দেৱতা আৰু তৃতীয় ঘৰোৱা ভাবে প্ৰাৰ্থনা কৰা দেৱ-দেৱী।
চুতীয়াৰ চাৰি শাল গোসাঁনীক একমাত্ৰ শদিয়াৰ চাৰি শালত ৰাজকীয় পূজাৰী দেউৰী সকলে হে পূজা কৰিব পাৰিছিল। একমাত্ৰ দেউৰীৰ চাৰি ফৈদক হে ৰজাঘৰীয়াই পূজা কৰিবলৈ অনুমতি দিছিল। সেই সময়ত চুতীয়া সমাজত বিশ্বাস আছিল যে দেৱীয়ে নিৰ্বাচিত কৰা, অৰ্থাৎ দিবাং নৈৰ পানীৰ পৰা শিল/লিঙ্গ ডাঙি অনা সেই চাৰি জন চুতীয়াৰ বংশধৰ সকলে হে মুখ্য দেৱী-দেৱতা সকলক সন্তুষ্ট কৰিব পাৰে। বাকী প্ৰজা সকলে সেই চাৰি শাল লৈ গৈ ইনে সহযোগ হে কৰিব পাৰিছিল বা নিজৰ প্ৰাৰ্থনা আগ বঢ়াব পাৰিছিল। দেউৰী সকলে নিজেও চাৰি গোসাঁনীক ঘৰত পূজা কৰিব নোৱাৰে, মাত্ৰ থানলৈ গৈ হে পাৰে। কাৰণ এই পূজাৰ লগত বহুতো গোপনীয় জনজাতীয় তান্ত্ৰিক বিধি জড়িত হৈ আছে। এতিয়া ১৫২৪ চনত শদিয়া ধ্বংস হোৱাৰ পাছত কি হ'ল?? শদিয়াৰ চুতীয়াই ১৫০০-১৬০০ শতিকাত কেইবাটাও বিদ্ৰোহ কৰিছিল। কালক্ৰমত শদিয়াৰ প্ৰায়বোৰ চুতীয়াকে স্থানান্তৰিত কৰা হৈছিল (কিছুমান আছিল যদিও আহোম পৰিচয় ল'লে)। যিহেতু সাধাৰণ চুতীয়াই এই চাৰি শালৰ পূজা কৰিবলৈ নাজানিছিল, সেই বাবে স্থানান্তৰিত কৰা এই চুতীয়া ৰাইজৰ মাজৰ পৰা চাৰি শালৰ মহত্বও কমি আহিছিল। তেন্তে বাকী থাকিলে কি?? বাকী থাকিলে চুতীয়া গাঁৱলীয়া সমাজৰ বা ঘৰোৱা দেৱ-দেৱী সকল যি সকলক চুতীয়াই আজিও সকাম, সবাহ পাতি পূজা কৰে। কেইগৰাকী মানৰ উদাহৰণ: বুঢ়া ডাঙৰীয়া, পথাৰ ডাঙৰীয়া, গাঁও ডাঙৰীয়া, আই, সাত ভনী, আপেশ্বৰী, সুবচনী, মৃতক দিয়া, মিনোচি/লখিমী, গৰখীয়া দেৱতা, জলকাই, জালেশ্বৰী, ইত্যাদি। এই সকল দেৱ দেৱীক আজিও চুতীয়া সকলে অতিজত কৰা দৰে পূজা কৰি আহিছে। এই সকলক যিহেতু প্ৰজায়ে নিজৰ ভাগে পূজা কৰিব পাৰিছিল, সেই বাবে সকলোৱে ঘৰত বা গাঁৱতে কৰিছিল আৰু ৰাজকীয় পূজাৰী বা দেউৰীৰ প্ৰয়োজন নাছিল। উল্লেখযোগ্য যে দেউৰীৰ চাৰি ফৈদেও নিজৰ নিজৰ মুখ্য দেৱ-দেৱীৰ(থানত পূজা কৰে) লগত এই সকল দেৱ-দেৱীক পূজা কৰে। অৰ্থাৎ এই বোৰ নিয়ম দুয়ো জনগোষ্ঠীৰ সমাজত প্ৰায় একে ভাগে পালন
চুতীয়া সকলৰ চাৰি শালৰ লগত থকা সম্পৰ্কটো লগালগ নাইকীয়া হৈ যোৱা নাছিল। এই কথা আমি চুতীয়াৰ বিহু নাম বোৰৰ পৰা জানিব পাৰো যʼত চুতীয়া সকলে শদিয়া বা চাৰি শালৰ নাম লয়। বিহুৰ গীতত গোৱা "কলিমতী" হৈছে কেঁচাই খাটি দেৱী। চুতীয়া সমাজৰ এটা লোক গীতয়েও এই কথাৰ সমৰ্থন কৰে, "গোঁসাই আছে সদিয়াত, আমি আছো ইয়াত/পৰি পৰি সেৱা কৰো কঠালৰ হিয়াঁত"। বুৰঞ্জীৰ পৰা জনা যায় যে চুতীয়া ৰাজধানী শদিয়াৰ পৰা স্থানান্তৰিত কৰা চুতীয়া প্ৰজা খিনিক আহোম ৰজা আৰু বৰপাত্ৰ গোহাঁইৰ মাজত ভাগ কৰা হৈছিল। লগতে বুৰঞ্জীত এইটো কথাও উল্লেখ আছে যে প্ৰতাপ সিংহৰ দিনত(১৬০০ শতিকা) ৰাইজে(চুতীয়া ধৰ্ম পালন কৰা) শদিয়াত ৰজাৰ নামত নৰ-বলি দিবলৈ মন কৰিছিল। গতিকে এইবোৰ তথ্যৰ পৰা ভাল দৰে ধৰিব পাৰি যে সেই যুগৰ লৈকে চুতীয়া সমাজত চাৰি শালৰ মহত্ব বহুত আছিল। পাছলৈ হয়তো সত্ৰ প্ৰভাৱত বা থানৰ ঠাইত নামঘৰ গঠন হোৱাৰ ফলত চাৰিশালৰ মহত্ব কমি আহিলে। কিন্তু তথাপিও গাঁৱৰ আৰু ঘৰোৱা দেৱ-দেৱীৰ নীতি-নিয়ম বোৰ চুতীয়া সকলে এতিয়াও এৰি দিয়া নাই।
Our All Posts Are Protected By DMCA. So Don't Try To Copy Our Posts And Reproduction In Any Way Is Strictly Prohibited! Or else Legal Actions Will Be Taken.